বিশেষ প্ৰতিবেদনঃ অৱশেষত উত্তৰ-পূব ৰে’ল সেৱাতো সংযোজন ঘটিল বন্দে ভাৰত এক্সপ্ৰেছৰ। ভাৰতৰ নৱতম নিৰ্মাণ বন্দে ভাৰত এক্সপ্ৰেছে দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহক সংযুক্ত কৰি যাতায়ত ব্যৱস্থাত এক নতুন উত্তৰণ সম্ভৱ কৰিছে। পশ্চিম বংগৰ নিউ জলপাইগুৰিৰ সৈতে অসমৰ গুৱাহাটীক সংযুক্ত কৰি কম সময়ৰ ভিতৰতে ৰে’ল যাত্ৰা সম্ভৱ ঘটাই যাত্ৰীক সকাহ দিছে বন্দে ভাৰত এক্সপ্ৰেছে।
কিন্তু উত্তৰ-পূবৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ আৰম্ভণি ঘটাৰ লগে লগে আৰম্ভ হৈছে বিভিন্ন প্ৰতিক্ৰিয়াৰ। এক শীতল প্ৰতিবাদ আৰম্ভ হৈছে দৈনিক ৰে’লযাত্ৰীসকলৰ মাজতো।