Home ৰাজ্য১২ ঘন্টীয়া অসম বন্ধ সৰ্বাত্মক

১২ ঘন্টীয়া অসম বন্ধ সৰ্বাত্মক

by News Desk
75 views
A+A-
Reset

ডিজিটেল ডেস্কঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমৰ ৪৪ টা সংগঠনে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে জনোৱা ১২ ঘন্টীয়া অসম বন্ধ সৰ্বাত্মক হোৱা পৰিলক্ষিত হয়। ঠায়ে ঠায়ে বন্ধ সমৰ্থকক আৰক্ষীয়ে আটক কৰিছে।

তামুলপুৰঃ আজিৰ অসম বন্ধ বাক্সা জিলাৰ তামুলপুৰৰ বিভিন্ন  ঠাইত বন্ধ সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে। পুৱাৰ ভাগত ভাৰত-ভূটান অন্ত:ৰাষ্ট্ৰীয় ঘাইপথৰ দলংপাৰত টায়াৰ জ্বলাই প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। পাছত তামুলপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  সাধাৰণ সম্পাদক থানেশ্বৰ কলিতাসহ দুই সমৰ্থকক আৰক্ষীয়ে আটক কৰি তামুলপুৰ থানালৈ আনে। ইপিনে ভাৰত-ভূটান আন্ত:ৰাষ্ট্ৰীয় ঘাইপথৰ ঘোগাদলংত এ বি এমছু, কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, আৰু কোচ-ৰাজবংশী ছাত্ৰ সন্থাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। পাছত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কলিতা জনগোষ্ঠীৰ চাৰিজন সদস্য ক্ৰমে ৰতনেশ্বৰ কলিতা, প্ৰদীপ কলিতা, সঞ্জয় দাস আৰু হিৰক দাসক আৰক্ষীয়ে আটক কৰে। সংবাদ মাধ্যমৰ আগত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ কলিতাই কয় যে সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্য চৰকাৰৰ যে বুজাবুজি আছে সেই কথা ৰাইজে আজি স্পষ্ট হৈ পৰিছে। আজি যি কাৰণত অসম বন্ধটো দিয়া হৈছে, সেই একেই কাৰণত আছুৱে প্ৰথম অসম বন্ধ দিছিল। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতা কৰি যি ৮০ টা সংগঠনে বন্ধৰ আহ্বান আৰু সমৰ্থন জনাইছে, সেই বন্ধক আছুৱে সমৰ্থন নকৰা কাৰ্যক ৰাইজে সহজভাৱে ল’ব পৰা নাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0