Home ৰাজ্যবন্ধ সফল কৰি তুলিবলৈ আহ্বান

বন্ধ সফল কৰি তুলিবলৈ আহ্বান

by News Desk
63 views
A+A-
Reset

শিৱসাগৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ২৩ অক্টোবৰ ৪৪ টা জাতীয় জনগোষ্ঠীয় সংগঠনে জনোৱা অসম বন্ধ সফল কৰি তুলিবলৈ আহ্বান জনোৱাৰ লগতে বন্ধন বেংকৰ বিৰুদ্ধে গণতান্ত্ৰিক কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) ৱে । সংগঠনটোৰ শিৱসাগৰ জিলাৰ বৰুৱাপুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিৎ আৰন্ধৰা আৰু সম্পাদক নূপুৰ নেওগে আজি কাকতলৈ প্রেৰণ কৰা এক প্রেছ বিবৃতিত উল্লেখ কৰা মতে, “নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬ গৃহীত কৰিবলৈ ২৩ অক্টোবৰ যুটীয়া সংসদীয় সমিতিয়ে দিল্লীত যি সভা আহ্বান কৰিছে তাক সংগঠনটোৱে তীব্ৰ বিৰোধিতা কৰিছো । আমাৰ স্পষ্ট কথা কোনো কাৰণতে এই বিধেয়কখন গৃহীত হবলৈ নিদিওঁ । অসমীয়া জাতিৰ স্বভিমানত আঘাত কৰিলে আমি কোনো কাৰণতে সহ্য নকৰোঁ ।” বৃহত্তৰ অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত ২৩ অক্টোবৰ পুৱা ৫.০০ বজাৰ পৰা সন্ধ্যা ৫.০০ বজালৈ আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সমৰ্থন জনাই সকলো অসমবাসীক ৰাজপথলৈ ওলাই আহিবলৈ অনুৰোধ জনাইছে সংগঠনটোৱে । 

তদুপৰি সংগঠনটোৱে আন এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে, বন্ধন বেংককে আদি কৰি যি সমূহ ঋণ প্ৰদান কৰা বেংক বা প্ৰতিষ্ঠান  আছে সেই সকলো বেংক বা প্ৰতিষ্ঠানে যদি বন্ধৰ কাৰ্যসূচী অমান্য কৰি সাপ্তাহিক ঋণ পৰিশোধৰ সভা অনুষ্ঠিত কৰে তেন্তে সেই বেংক বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আমি তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী লবলৈ বাধ্য হ’ব । ইফালে, জাতিধ্বসী বিধেয়ক সমৰ্থনত ২৭ টাকৈ বঙালী সংগঠনে অহা ১৭ নবেম্বৰত গুৱাহাটীত অনুষ্ঠিত কৰিব লোৱা বিশাল গণ সমাবেশ নামতি আৰু ইয়াৰ সমীপবৰ্তী অঞ্চলৰ সমূহৰ বঙালী সমাজক অংশ গ্ৰহণ নকৰিবলৈ তীব্ৰ সকিয়নি দিছে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0