59
গুৱাহাটীঃ বুধবাৰৰ পৰা চাৰিদিনলৈ ৰাজ্যৰ সকলো গ্ৰন্থ বিপনী বন্ধ থাকিব৷ অসম চৰকাৰে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰৰ পুৱাৰে পৰা পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাই সমগ্ৰ ৰাজ্যতে গ্ৰন্থ বিপনী বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ্যৰ অন্যতম গ্ৰন্থ বিপনীৰ কেন্দ্ৰ গুৱাহাটী মহানগৰীৰ পান বজাৰতো বুধবাৰৰ পুৱাই গ্ৰন্থ বিপনী বন্ধ কৰি একাংশ লোকে হাতে হাতে প্লেকাৰ্ড লৈ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷