newsnextone.com | কোকৰাঝাৰঃ ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন অাৰু জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাই শুকুৰবাৰে পুৱাৰে পৰা আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে কোকৰাঝাৰ জিলাত৷ আনহাতে চিৰাং জিলাতো বন্ধৰ প্ৰভাৱ পৰা বুলি জানিব পৰা গৈছে৷ পুৱা ৫ বজাৰ পৰা অাৰম্ভ হোৱা আক্ৰাছুৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত জিলাখনৰ বিভিন্ন এলেকাৰ দোকান-পোহাৰ, হাট-বজাৰ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান অাদি বন্ধ থকাৰ লগতে গাড়ী-মটৰৰ চলাচলো বন্ধ হৈ পৰে৷
ইয়াৰোপৰি ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভাৰত-ভূটান সংযোগী পথতোঁ দূৰণিবটীয়া বাছ আৰু ট্ৰাকৰ চলাচল বন্ধ হৈ পৰে। বন্ধৰ পৰিণতিতে অসম-বঙ্গ সীমান্তৰ শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শ শ ট্ৰাক আবদ্ধ হৈ পৰে৷ জিলাখনৰ শ্ৰীৰামপুৰ, গোসাইগাওঁ, তুলসীবিল, ভাওৰাগুৰী, দোতমা, চিথিলা, সেৰফাংগুৰী, কচুগাওঁ, পাটগাওঁ, ফকিৰাগ্ৰাম, বালাজান তিনালী, ছালাকাটি, ভোটগাঁও আদি অঞ্চলত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে আৰু হাট-বজাৰ বন্ধ হৈ পৰে৷