newsnextone.com | গুৱাহাটীঃ কেন্দ্ৰ-ৰাজ্য চৰকাৰে মটৰ পৰিবহণ শ্ৰমিকৰ দাবী পূৰণ নকৰাত ২০ জুলাইৰ পুৱা ৬ বজাৰ পৰা মটৰ পৰিবহণ শ্ৰমিকে ৰাজ্যজুৰি পালন কৰে চকা বন্ধ তথা ধৰ্মঘট কাৰ্যসূচী ৷ মটৰ পৰিবহণ শ্ৰমিক-কৰ্মচাৰীক পেন্সন দিয়া, চিকি९সাৰ ব্যৱস্থা কৰা, শ্ৰমিক-কৰ্মচাৰীৰ ল'ৰা-ছোৱালীক শিক্ষা সাহাৰ্য্য দিয়া, মটৰ ভেহিকল আইন ১৯৮৮ সংশোধন কৰি শ্ৰমিক বিৰোধী ধাৰা সন্নিবিষ্টকৰণ, যান-বাহনৰ প্ৰিমিয়াম, পঞ্জীয়ন, পাৰ্মিট, ফিটনেছ, লাইচেন্স আদিৰ মাচুল বৃদ্ধি পেট্ৰল-ডিজেলৰ মুল্য গ্ৰাস কৰাৰ দাবীত অনিৰ্দিষ্টকালীন ৰাজ্যজোৰা ধৰ্মঘট ও চকা বন্ধ কাৰ্যসূচীৰ ব্যাপক প্ৰভাৱ পৰে ৰাজ্যজুৰি।

অনিৰ্দিষ্টকালীন চকা বন্ধত সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়ালে ব্যাপক সমস্যাতো পৰে। অল ইণ্ডিয়া মটৰ পৰিবহণ কংগ্ৰেছে অব্যাহত ৰখা প্ৰতিবাদৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত যাত্ৰীয়ে হাহাকাৰ কৰিব লগা হৈছে।ৰাজধানী গুৱাহাটী মহানগৰীতোঁ ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী বাছ চলাচল নকৰাত হাৰাশাস্তি ভোগ কৰিব লগা হৈছে যাত্ৰীয়ে।

জালুকবাৰী, ফাঁচী বজাৰ, গুৱাহাটী ক্লাব, চানমাৰী, পল্টনবজাৰ সকলোতে যাত্ৰীবাহী গাড়ী নোহোৱাত স্কুল-কলেজ, বেপাৰ-বাণিজ্য, অফিচলৈ বুলি ওলাই অহা যাত্ৰীসকলে অসুবিধাত পৰিছে৷ দুই-এখন বাহন চলিছে যদিও সেই বাহনত ভৰি দিবলৈ ঠাই নোহোৱা এটা অৱস্থা।

সমাজখনক গতিশীল কৰি ৰখা শ্ৰম শক্তিটোৰ অন্যতম পৰিবহণ শ্ৰমিক বুলি কৈ চৰকাৰে দাবীসমূহ মানি নোলোৱাত ক্ষোভ ব্যক্ত কৰি আহিছে মটৰ শ্ৰমিকসকলে ৷ কেচা সামগ্ৰী কাৰখানালৈ নিয়া, উ९পাদিত সামগ্ৰী বিক্ৰীকেন্দ্ৰত ৰাইজৰ বাবে লৈ অহা, উ९সৱ পাৰ্বনত আন লোকসকল পৰিয়ালৰ সৈতে ব্যস্ত থকাৰ সময়তে চালকসকলে দিনে-নিশাই মানুহ অনা নিয়াত ব্যস্ত থাকে যদিও তেওলোকৰ কথা কোনোৱে নুশুনে বুলি অভিযোগ উত্থাপন কৰি আহিছে। নিজৰ লৰা-ছোবালীৰ খবৰ নলৈ আনৰ লৰা-ছোবালীক বিদ্যালয়ত আনা-নিয়াত ব্যস্ত থকা চালকসকলে দৰমহা নহয় সাধৰণ মাননি লৈ ত্যাগৰ মনোবৃত্তিৰে সেৱা আগবঢ়ায় অহা শ্ৰমিকসকলে আৱেগিক জীৱন কটায় আহিছে।

যান-বাহনৰ প্ৰিমিয়াম, পঞ্জীয়ন, পাৰ্মিট, ফিটনেছ, লাইচেন্স আদিৰ মাচুল বৃদ্ধি কৰি চৰকাৰে চালকৰ ওপৰত আৰ্থিক আক্ৰমণ কৰা বুলি কৈ বাটে-পথে অবৈধভাৱে ধন সংগ্ৰহ, আৰক্ষীৰ  হাৰাশাস্তি আদিৰৰোধ কৰাৰ দাবীত চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ৰাজ্যৰ সমূহ চালকে শুকুৰবাৰে পুৱা ৬ বজাৰ বজাৰ অনিৰ্দিষ্টকালীন প্ৰতিবাদ অব্যাহত ৰাখিছে অল ইণ্ডিয়া মটৰ পৰিবহণ কংগ্ৰেছৰ আহ্বানত।