newsnextone.com | গুৱাহাটীঃ কেন্দ্ৰ-ৰাজ্য চৰকাৰে মটৰ পৰিবহণ শ্ৰমিকৰ দাবী পূৰণ নকৰাত ২০ জুলাইৰ পুৱা ৬ বজাৰ পৰা মটৰ পৰিবহণ শ্ৰমিকে ৰাজ্যজুৰি পালন কৰে চকা বন্ধ তথা ধৰ্মঘট কাৰ্যসূচী ৷ মটৰ পৰিবহণ শ্ৰমিক-কৰ্মচাৰীক পেন্সন দিয়া, চিকি९সাৰ ব্যৱস্থা কৰা, শ্ৰমিক-কৰ্মচাৰীৰ ল’ৰা-ছোৱালীক শিক্ষা সাহাৰ্য্য দিয়া, মটৰ ভেহিকল আইন ১৯৮৮ সংশোধন কৰি শ্ৰমিক বিৰোধী ধাৰা সন্নিবিষ্টকৰণ, যান-বাহনৰ প্ৰিমিয়াম, পঞ্জীয়ন, পাৰ্মিট, ফিটনেছ, লাইচেন্স আদিৰ মাচুল বৃদ্ধি পেট্ৰল-ডিজেলৰ মুল্য গ্ৰাস কৰাৰ দাবীত অনিৰ্দিষ্টকালীন ৰাজ্যজোৰা ধৰ্মঘট ও চকা বন্ধ কাৰ্যসূচীৰ ব্যাপক প্ৰভাৱ পৰে ৰাজ্যজুৰি।
অনিৰ্দিষ্টকালীন চকা বন্ধত সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়ালে ব্যাপক সমস্যাতো পৰে। অল ইণ্ডিয়া মটৰ পৰিবহণ কংগ্ৰেছে অব্যাহত ৰখা প্ৰতিবাদৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত যাত্ৰীয়ে হাহাকাৰ কৰিব লগা হৈছে।ৰাজধানী গুৱাহাটী মহানগৰীতোঁ ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী বাছ চলাচল নকৰাত হাৰাশাস্তি ভোগ কৰিব লগা হৈছে যাত্ৰীয়ে।