newsnextone.com | শিৱসাগৰঃ বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ৬ জনগোষ্ঠীয়ে সোমবাৰে পুৱাৰে অসম বন্ধৰ আহ্বান জনাইছে। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যৰে ঠায়ে ঠায়ে পৰা পৰিলক্ষিত হৈছে।

অসম বন্ধ কাৰ্যসূচীৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে শিৱসাগৰ জিলাতো পৰা পৰিলক্ষিত হয়। বন্ধ সমৰ্থনকাৰীয়ে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন ঠাইত ব্যৱসায় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, যান-বাহনৰ চলাচল কৰা বন্ধ থকা দেখা যায়।

জনজাতিকৰণৰ নামত প্রতাৰণা কৰাৰ প্রতিবাদত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লগতে ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চই ২৩ তাৰিখৰ পুৱা ৫ বজাৰে পৰা ৪৮ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল যদিও ১২ ঘন্টালৈ হ্ৰাস কৰা বন্ধৰ সময়সীমা। সোমবাৰ পুৱা ৫ বজাৰ সন্ধ্যা ৫ বজালৈকে শান্তিপ্ৰিয় ভাৱে বন্ধ পালন কৰাৰ আহ্বান জনায় আটাছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াই। 

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানৰ লগতে আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিয়ে নামতিৰ ঐতিহাসিক ধোদৰ আলিত আৰু কালুগাঁৱত টায়াৰ জ্বলাই নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি গ' বেক আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰি আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ সভাপতি বিশ্বজিত আৰন্ধৰাই শীঘ্ৰে চৰকাৰে জনজাতিকৰণ নকৰিলে ইয়াতকৈ অধিক ভয়াৱহ পৰিস্হিতি সৃষ্টি হব বুলি হুংকাৰ দিয়ে ।

উল্লেখ্য যে, যোৱা প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷  

শিৱসাগৰ জিলাৰ নামতিত যান-বাহন, ব্যৱসায়ীক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠানৰ লগতে চাহ বাগিচাৰ কাম-কাজ বন্ধ ৰাখে। আহোম, চুতীয়া, মৰাণ মটক, কোচ ৰাজবংশী  আৰু চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীত পুৱাৰ প্ৰতিকূল বতৰকো নেওচি বন্ধৰ সমৰ্থক সকল ৰাজপথলৈ ওলাই আহি পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।