ডিমাকুছি/টংলা/কোকৰাঝাৰ/ওদালগুৰি/চিৰাং/গোৰেশ্বৰঃ যোৱা তিনিটা দিন উত্তাল হৈ আছে বিটিএডিৰ চাৰিখন জিলা৷ শাসকীয় বিপিএফৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে জাঙু খাই উঠিছে বিটিএডিৰ জাতীয়-জনগোষ্ঠীয় সংগঠন৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰি, সমদল উলিয়াই ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটিএডিৰ কেইবাটাও জনগোষ্ঠীক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰি কেইবাটাও দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷
বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাত নামনি অসমৰ ৰাজপথ উত্তাল হ’ব ধৰিছে৷ বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আদিবাসী জাতীয় মহাসভাই বৃহস্পতিবাৰে পুৱাৰে পৰা ২ঘণ্টীয়া বিটিএডি বন্ধৰ আহ্বান জনায়৷ বন্ধৰ প্ৰভাৱ চাহ বাগিচা অঞ্চলত ব্যাপক ভাৱে পৰে৷ কোকৰাঝাৰ চহৰৰ লগতে আন আন ঠাইতো বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷