Home ৰাজ্যতিনিচুকীয়াত সৰ্বাত্মক বন্ধ

তিনিচুকীয়াত সৰ্বাত্মক বন্ধ

by News Desk
59 views
A+A-
Reset

লিডুঃ ৪৬ টা সংগঠনৰ বন্ধত স্তব্ধ হৈ পৰিল তিনিচুকীয়াৰ জনজীৱন। নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবীত আহ্বান জনোৱা অসম বন্ধত তিনিচুকীয়া জিলাৰ ডিগবৈ, মাৰ্ঘেৰিটা, লিডু, জাগুন আদি অঞ্চলসমুহৰ সকলো ধৰণৰ যান-বাহন দোকান-বজাৰ আদি বন্ধ থকাৰ লগতে জনজীৱন স্তব্ধ হোৱা দেখা যায়। বন্ধৰ সমৰ্থকসকলে ঠায়ে ঠায়ে টায়াৰ জ্বলাই বিক্ষোপ প্ৰদৰ্শন কৰা দেখা গ’ল৷ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন, লেখাপানী, টিপং, লিডু বৰগোলাই আদি ভিন্ন প্ৰান্তৰত বন্ধৰ সমৰ্থকসকলে ভিন্ন কাৰ্যপন্থাৰে বিক্ষোপ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বন্ধৰ সমৰ্থকসকলৰ কোনোৱে যদি টায়াৰ জ্বলাই আন কোনোৱে আকৌ মটৰ চাইকেল ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰি বন্ধৰ সময়ছোৱাত সমগ্ৰ মহকুমাটোক উত্তাল কৰি ৰখা দেখা গৈছিল৷  লিডু, মাৰ্ঘেৰিটাত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চৰকাৰ বিৰোধী ধ্বনিৰে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সব্যস্ত কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0