68
ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমীপৰ পৰা এগৰাকী মহিলাক অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই লুটি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তিনিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে মহিলাগৰাকীক অস্ত্ৰ দেখুৱাই ৫৬,৬১০ টকা কাঢ়ি লৈ যায়৷
জানিব পৰা মতে, প্ৰতিদিনে সংগ্ৰহ কৰাৰ দৰে বৃহস্পতিবাৰেও বন্ধন বেংকৰ সংগ্ৰহকাৰী কবিতা নাথে ৰঙিয়াৰ ধুলাবড়ী অঞ্চলত নিয়মিত গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ যায়৷