Home বিশ্ববিৰোধী শূন্য নিৰ্বাচনত বৃহৎ জয়! আকৌ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

বিৰোধী শূন্য নিৰ্বাচনত বৃহৎ জয়! আকৌ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

by News Desk
A+A-
Reset
bangladesh-election

বিৰোধীৰ নিৰ্বাচন বৰ্জন আৰু ভোটাৰৰ সীমিত ভোটদানৰ হাৰৰ মাজতো বাংলাদেশত পুনৰ এবাৰ ক্ষমতাৰ বাঘজৰী নিজৰ হাতত ৰাখিবলৈ সক্ষম হ’ল শ্বেখ হাছিনাই।  সোমবাৰে ঘোষণা কৰা হয় চুবুৰীয়া দেশখনৰ দ্বাদশ সংখ্যক ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ফলাফল। ২৯৯টা সমষ্টিৰ ভিতৰত ঘোষিত হোৱা ২৯৮টা সমষ্টিৰ ফলাফলত শ্বেখ হাছিনাৰ আৱামী লীগে ২২৪টা সমষ্টিতে জয়লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ এবাৰ চৰকাৰত অধিষ্ঠিত হোৱাৰ পথ সুচল কৰে। ইফালে এই নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীয়ে ৫২ খন আসন লাভ কৰাৰ বিপৰীতে বৰ্তমানৰ সংসদৰ বিৰোধী দল জাতীয় পাৰ্টীয়ে লাভ কৰে মাত্ৰ ১১ খন আসন।

বাংলাদেশৰ নিৰ্বাচনী সংবিধান অনুসৰি ৩০০ আসনৰ ৰাষ্ট্ৰীয় সদনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১৫১খন আসনৰ। সেই হিচাপে ইতিমধ্যে আৱামী লীগে পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰ জৰিয়তে একেৰাহে চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ ওলাইছে আৱামী লীগে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0