356
যদি সৃষ্টি আছে বা উৎপত্তি আছে তেন্তে ধ্বংস অনিবাৰ্য। আৰম্ভ হৈছে যদি শেষ হ’বই। এই বিশ্ব-ব্ৰহ্মাণ্ডত শাশ্বত বুলিবলৈ জীৱন্ত একোৱেই নাই। ইয়াত কেৱল মিথ্যা আৰু জড় বস্তুবোৰহে শাশ্বত। কাগজৰ ফুল বহুদিনলৈ ধুনীয়া হৈ থাকে। আচল ফুল পিছে অলপতে মৰহি যায়।
কি আচৰিত! প্ৰেম কৰিলে প্ৰেম হেৰাই যোৱাৰ ভয়তে মানুহে প্ৰেম কৰিবলৈ এৰি দিলে আৰু বিবাহ কৰিবলৈ আৰম্ভ কৰি দিলে। বিবাহ হৈছে কাগজৰ ফুল। প্ৰেম গোলাপ ফুল, পুৱা ফুলি সন্ধিয়া মৰহি যাব। নিশ্চয়তা মুঠেই নাই।