সকলো আৰম্ভণিৰে এছোৱা জীৱন থাকে৷ লগে লগে থাকে তাৰ অন্তিম পৰিণতি৷ আৰম্ভণিৰ পৰা শেষ, শেষৰ পৰা আকৌ নতুন আৰম্ভণিৰেই অব্যাহত থাকে জীৱজগতৰ কৰ্মকাণ্ড৷ জীৱন যদি আৰম্ভণি, তেনেহ’লে মুক্তি অথবা মৃত্যু তাৰ অন্তিম বিন্দু৷ সেইবাবেই মৃত্যুৰ আন এটা নাম অন্তক৷ কিন্তু মৃত্যু, মোক্ষ, মুক্তি যি অভিধাই দিয়া নহওক কিয়, এই পৰ্বটো ৰহস্যময় হৈয়ে আহিছে সৰ্বকাল৷ অন্তিম উশাহ মানেই শেষ নে তাৰ পিছতো অৱশেষ থাকে, তাক লৈ মানুহৰ জিজ্ঞাসাৰ অন্ত নাই৷ মৃত্যুৰ সিপাৰৰ পৰা কোনো মানুহেই তাত কি আছে ক’বলৈ আৰু ঘূৰি অহা নাই৷ সেই বাবেই পৃথিৱীৰ সকলো মানুহৰ বাবে মৃত্যু আলোচনাৰ বিষয় হৈ আহিছে৷
মৃত্যুৰ সিপাৰে কি আছে? ক’বলৈ ঘূৰি আহিব কোন? ৰহস্যৰ অন্ত কেতিয়া?
186