Home ৰাজ্যদক্ষিণ শালমাৰা মানকাচৰত বাংলাদেশী নাগৰিক আটক

দক্ষিণ শালমাৰা মানকাচৰত বাংলাদেশী নাগৰিক আটক

by News Desk
50 views
A+A-
Reset

newsnextone.com।দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত মানকাচৰৰ বেপাৰী পাৰা গাওঁৰ পৰা মানকাচৰ আৰক্ষীয়ে শুক্ৰবাৰৰ সন্ধিয়া বাংলাদেশী নাগৰিক এগৰাকী আটক কৰে। আৰক্ষীয়ে আটক কৰা বাংলাদেশী যুৱকজন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ  ৰৌমাৰী থানাৰ অন্তৰ্গত ধেন্নাৰ চৰৰ ৫নং ওৱাৰ্ডৰ ইয়াকুব আলীৰ পুত্ৰ ছফিকুল ইছলাম (২৮) বুলি জনা গৈছে।

পাছপোৰ্ট যোগে সাত আগষ্ট তাৰিখত ভাৰতত প্ৰৱেশ কৰা ছফিকুল ইছলাম নামৰ বাংলাদেশী যুৱকজনৰ পৰা আৰক্ষীয়ে ভাৰতৰ দিল্লীৰ পৰা জালিয়াতিৰে উলিওৱা ভাৰতীয় ভোটাৰ পৰিচয় পত্ৰ, এটা মোবাইল আৰু বাংলাদেশৰ পাৰপত্ৰ জব্দ কৰে। বাংলাদেশী যুৱকজনে ২০১৫ চনত ভাৰতত প্ৰবেশ কৰি দীৰ্ঘদিন দিল্লীত থাকি জালিয়াতিৰে নিজৰ নামৰ ভোটাৰ পৰিচয়পত্ৰ উলিয়াই লোৱা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0