newsnextone.com | ডিজিটেল ডেস্কঃ যদি আপোনাৰ বেংকত প্ৰয়োজনীয় কাম আছে তেন্তে আজিয়েই কৰি লওক৷ কিয়নো অহা দুটা দিন বেংক কৰ্মচাৰীয়ে ধৰ্মঘট পালন কৰিব৷ সমগ্ৰ দেশৰ বেংক কৰ্মচাৰীয়ে বুধবাৰৰ পৰা দুদিনৰ ধৰ্মঘট কৰিব৷ যাৰ বাবে সাধাৰণ লোকে দুদিনৰ বাবে বেংকত গৈ লেনে-দেন নতুবা আন আন কাম সমূহ কৰিব নোৱাৰিব৷
বেংকৰ কৰ্মচাৰীয়ে ২ শতাংশ দৰমহা বৃদ্ধি কৰিব ওলোৱা কাৰ্যৰ বিৰুদ্ধে অহা ৩০ আৰু ৩১ মে’ত প্ৰতিবাদ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ বাবে ২০১৭ চনৰ পৰাই দাবী জনাই আহিছে যদিও চৰকাৰে মানি নোলোৱাত প্ৰতিবাদ কৰাৰ কথা ঘোষণা কৰে৷