newsnextone.com | ডিজিটেল ডেস্কঃ চৰকাৰী কাৰ্যালয়লৈ জিনচ আৰু টিচাৰ্ট জাতীয় পোচাক পিন্ধি অহাটো অশোভনীয় বুলি আখ্যা দিছে ৰাজস্থানৰ শ্ৰম বিভাগে। এনে পোচাক পিন্ধি নাহিবলৈ নিৰ্দেশ দিয়া হৈছে কৰ্মচাৰীসকলক। বিভাগটোৰ শ্ৰম আয়ুক্ত গিৰিৰাজ সিং খুছৱাহাই ২১ জুনত এক চাৰ্কুলাৰ যোগে এই নিৰ্দেশ জাৰি কৰাৰ পিছতেই সকলো পক্ষৰ পৰা সমালোচনাৰ সমুখীন হৈছে বিভাগটো।
‘প্ৰায়ভাগ কৰ্মচাৰীয়ে জিনচ, টিচাৰ্টকে ধৰি অশোভনীয় পোচাক পিন্ধি কাৰ্যালয়লৈ অহা দেখা যায় যিটো অতিকৈ অসন্মানজনক আৰু কাৰ্যালয়ৰ মৰ্যাদাৰ পৰিপন্থী। সেয়ে সকলো বিষয়া-কৰ্মচাৰীয়ে তেনে পোচাক পিন্ধি নাহি কাৰ্যালয়ৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ আশা কৰা হৈছে’। এনেদৰে উল্লেখ চাৰ্কুলাৰখনত।