মঙলদৈঃ নতুন বছৰত আইন-শৃংখলা পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায় তাৰ বাবে সস্তম হৈ পৰিছে দৰং জিলা প্ৰশাসন৷ দৰং জিলা প্ৰশাসনে নৱবৰ্ষৰ প্ৰথমটো দিন তথা পহিলা জানুৱাৰীৰ দিনটো সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰে।
অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে অহা ১ জানুৱাৰীত সুৰা নিষিদ্ধ দিন ঘোষণা কৰি জিলাখনৰ সকলো আবকাৰী পণ্যগাৰ দেশীয় সুৰাৰ মহল, বিপনী, ভাৰতত তৈয়াৰী বিদেশী সুৰাৰ দোকান আদিলৈ সুৰাৰ পাইকাৰী নতুবা খুচুৰা বিক্ৰী বন্ধ ৰাখিবৰ বাবে জাননী জাৰি কৰে।