কামপুৰঃ আৰক্ষীৰ প্ৰহাৰত নগাঁও জিলাৰ কচুৱাৰ লংজাপ মাজগাঁৱৰ বাপধন নাথৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা ৰাজ্যত চাঞ্চল্য অব্যাহত আছে৷ ৰক্ষকে ভক্ষকৰ ৰূপ লোৱাত চৌদিশে গৰিহণা দিয়ে একাংশ আৰক্ষীক৷ ৫ জানুৱাৰীত বাপ ধন নামৰ লোকজনৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে পৰিয়ালৰ লোকসকলে উত্তেজিত হৈ আৰক্ষীক প্ৰহাৰ কৰিছিল৷ এই ঘটনাৰ ফলত চেপা উত্তেজনা অব্যাহত নগাঁও জিলা৷ আনহাতে দুটা লৰা তিনিজনী ছোৱালীৰ পিতৃ বাপধনৰ মৃত্যুৰ পিছত পৰিয়ালটোক কোনে পোহপাল দিব তাৰ চিন্তাত পত্নী ব্যাকুল হৈ পৰিছে৷
