newsnextone.com | হাইলাকান্দিঃ কেইবাটাও দিনধৰি দি থকা নেৰেনেপেৰা বৰষুণৰ ফলত কেইবাটাও নৈৰ বাঢ়নী পানীৰ বাবে বৰাক উপত্যকাৰ কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলা ভয়াবহ বানৰ কৱলত পৰে৷ প্ৰায় ১০ দিন বানৰ কৱলত পৰাৰ অন্তত ক্ৰমান্বয়ে পানী শুকাই মানুহে বানৰ কৱলৰ পৰা পৰিত্ৰাণ পাইছে যদিও বানৰ পিছত কেইবাটাও সমস্যাই দেখা দিছে জিলা কেইখনত৷ 

বিশেষকৈ জিলা তিনি খনত পথৰ সমস্যাই ব্যাপক বিপদত পেলাইছে ৰাইজক৷ বানৰ পানীয়ে প্ৰায় সমূহ বাট-পথ বিধ্বস্ত কৰি থৈ যোৱাত যাতায়াতত ব্যাপক সমস্যাত পৰিছে ৰাইজ৷ কিছু দিন আগলৈ গাঁত নথকা পথ সমূহত এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ সেই গাঁত সমূহত পানী জমা হোৱাত ৰাইজে বিপদত পৰিছে৷
 
আনহাতে চৰকাৰে বিভিন্ন পথ দীৰ্ঘ দিন মেৰামতি নকৰাত বানৰ পিছতে গ্ৰাম্য এলেকাত পথ সমূহ বোকা-পানীৰে ভৰি পৰিছে৷ তেনেদৰে হাতত চেণ্ডেল লৈ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীয়ে আহ-যাহ কৰিব লগা হৈছে৷ ৰাইজে গ্ৰাম্য পথৰ লগতে গড়কাপ্তানী বিভাগৰ পথ সমূহ শীঘ্ৰে মেৰামতি কৰাৰ দাবী জনায়৷