Home দেশবাৰানসীত খহি পৰিল নিৰ্মীয়মান উৰণীয়া সেঁতু, ১৮ জনৰ মৃত্যু, কনক্ৰিটত আৱদ্ধ একাধিক

বাৰানসীত খহি পৰিল নিৰ্মীয়মান উৰণীয়া সেঁতু, ১৮ জনৰ মৃত্যু, কনক্ৰিটত আৱদ্ধ একাধিক

by News Desk
A+A-
Reset
collapse

Newsnextone | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰানসীত নিৰ্মীয়মান উৰণীয়া সেঁতু এখন ভাঙি পৰাত এতিয়ালৈকে ১৮ জন লোকৰ মৃত্যু ঘটাৰ লগতে ভালেমান লোক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। নিৰ্মীয়মান সেঁতুখনৰ দুটাকৈ স্তম্ভ ভাঙি পৰাত সেঁতুখনৰ কনক্ৰিটৰ এটা বৃহৎ অংশ খহি পৰে। লগে লগে যাতায়তৰত লোকৰ যান-বাহনো সেই কনক্ৰিটৰ মাজত সোমাই পৰে। তলত থকা চাৰিচকীয়া বাহনৰ লগতে এখন বাছো কনক্ৰিটৰ ভৰত চূচুৰ্মৈ হয়। 

কনক্ৰিটৰ মাজৰ পৰা তিনিজন লোকক টানি উলিয়াবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। আৱদ্ধ হৈ থকা বেছিভাগ লোক সেঁতুখনৰ কামত নিয়োজিত শ্ৰমিক বুলি অনুমান কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বল (এনডিআৰএফ)ৰ পাঁচোটাকৈ দল আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ যৎপৰোনাস্তি চেষ্টা চলাইছে বুলি জানিবপৰা গৈছে। দুৰ্ঘটনাস্থলিত আৰক্ষীও মোতায়েন কৰা হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0