বঢ়মপুৰঃ ঐতিহ্যমণ্ডিত তিৱা জনগোষ্ঠীৰ বৰত উৎসৱ উদযাপনৰ ব্যাপক পস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ তিৱা জনগোষ্ঠীৰ লোকসকলৰ ৰাজকীয় উৎসৱ বুলি জনাজাত বৰত উৎসৱ৷ মৰিগাঁও জিলাৰ তেতেলীয়া অঞ্চলৰ তিৱাসকলে প্ৰতি পাঁচ বছৰৰ মূৰত উদযাপন কৰে বৰত উৎসৱ। বৰত উৎসৱত নানা সংস্কৃতি, লোক কৃষ্টি, পৰম্পৰাৰ সমাহাৰ ঘটে৷ নৃত্য-গীতে, আয়তীৰ নাম আদিৰ লগতে বৰঘৰ সজাই তোলা হয়৷
তিৱাসকলৰ ‘সাতোৰজা-পাঁচোৰজা’ অঞ্চলৰ কদালীপৰিয়া গীতৰ সৈতে পাটিঢোল, তাল, মহৰ শিঙৰ পেঁপা আৰু হাতে হাতে চৰাইলৌ লৈ উচাহৰ পৰিবেশ সৃষ্টি কৰে তিৱাসকলে৷ আধুনিক যোগাযোগৰ ব্যৱস্থা নথকাৰ দিনত বহু দুৰ-দুৰণিৰ পৰা তিৱা ৰাইজ খোজ কাঢ়ি বৰতলৈ আহোতে মোনাত জা-জলপান–সান্দহ পিঠাগুৰি লৈ আহে আৰু বাটত জিৰনি লৈ টোপোলাৰ পৰা সেইবোৰ উলিয়াই খায় পুণৰ বৰতলৈ ঢাপলি মেলিছিল। ঐ বৰত/ যাহ ঐ বৰত/সান্দহ সুন্দং ঘৰত/খাই যাও বঘৰাৰ দলত বুলি গদালীপৰিয়া গীত জুৰি মতলীয়া হয় তিৱা সকল৷