বঢ়হমপুৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে এসময়ত জাতীয় নায়ক উপাধি পোৱা সৰ্বানন্দ সোণোৱালক লগত লৈ শিলচৰৰ এক ৰাজহুৱা সভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহত কৰা হ’ব বুলি সদম্ভে ঘোষণা কৰাৰ পাছতে উতপ্ত হৈ পৰিছে অসমৰ সামগ্ৰিক পৰিস্থিতি।
প্ৰধানমন্ত্ৰী মোডীয়ে সংশোধনী বিধেয়কখন গৃহীত কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আলোচনা মঞ্চ সৰব হৈ পৰে। মঞ্চই অহা ৭ জানুৱাৰীত সমগ্ৰ অসমত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে।