বঢ়মপুৰঃ বছৰ বছৰ ধৰি পুখুৰী সদৃশ গাঁতেৰে ভৰি থকা ৰাজপথৰে আহ-যাহ কৰিব লগীয়া হৈছে বঢ়মপুৰৰ ৰাইজে৷ উল্লেখ্য যে কঠিয়াতলী, বামুনী সংযোগী জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ বাবেই অঞ্চলটোত এম্বুলেন্স প্ৰৱেশ কৰিব নোৱাৰে। কেৱল সিমানেই নহয়, পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী-ব্যৱসায়ী, চাকৰিয়াল আদিয়ে বিপদত পৰে৷ কিয়নো গাড়ীতো বাদেই বাইক, চাইকলে চলোৱাৰো অনুপযোগী পথটো৷
বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে কংগ্ৰেছ চৰকাৰ, বৰ্তমানৰ চৰকাৰে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই গুৰুত্ব প্ৰদান নকৰিলে পথটো নিৰ্মাণত৷ অঞ্চলবাসীয়ে পুখুৰী সদৃশ ৰাজপথত ইতিমধ্যে পূজা কৰি, কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। নতুন চৰকাৰখনে দুবছৰ সম্পূর্ণ কৰাৰ পিছতো পথছোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে৷