বঢ়মপুৰঃ ইফালে অগপ বিজেপিৰ মিলি-জুলি চৰকাৰ আনফালে চৰকাৰৰ বিৰুদ্ধে অগপৰ প্ৰতিবাদ৷ আজি অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল মহন্তৰ সমষ্টিত অগপ নেতা-কৰ্মীয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
খোদ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সমষ্টিৰ নেতা-কৰ্মীয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজপথলৈ ওলাই আহিব লগা হৈছে৷ অগপ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কিছুদিন পুৰ্বে ৰাজ্য চৰকাৰখনে তেওৰ সমষ্টিক গুৰুত্ব দিয়া নাই বুলি ক্ষোভ উজাৰিছিল৷