বঢ়মপুৰঃ ইফালে অগপ বিজেপিৰ মিলি-জুলি চৰকাৰ আনফালে চৰকাৰৰ বিৰুদ্ধে অগপৰ প্ৰতিবাদ৷ আজি অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা বঢ়মপুৰৰ বিধায়ক প্ৰফুল্ল মহন্তৰ সমষ্টিত অগপ নেতা-কৰ্মীয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

খোদ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সমষ্টিৰ নেতা-কৰ্মীয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজপথলৈ ওলাই আহিব লগা হৈছে৷ অগপ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কিছুদিন পুৰ্বে ৰাজ্য চৰকাৰখনে তেওৰ সমষ্টিক গুৰুত্ব দিয়া নাই বুলি ক্ষোভ উজাৰিছিল৷

তাৰ পাছতে আজি ৰাস্তা-ঘাট মেৰামতি, চিকিৎসালয়, বিশুদ্ধ খোৱা পানী যোগান আদিৰ দাবীত বঢ়মপুৰ সমষ্টিৰ অগপ নেতা কৰ্মী সকলে প্ৰতিবাদ কৰি ক্ষোভ ব্যক্ত কৰে।

আঞ্চলিক দলটোৰ বঢ়মপুৰৰ নেতা-কৰ্মী সকলে নগাঁও পুৰণিগুদামত নগাঁও জিলা অগপৰ সহযোগত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে। বঢ়মপুৰ সমষ্টিৰ জৰাজীৰ্ণ বাট-পথ মেৰামতিৰ দাবীত কেইবাঘণ্টা অৱৰোধ কৰে।

অগপ নেতা-কৰ্মী সকলে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ২৬ দফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে। কেইবা ঘণ্টা পথ অৱৰোধ কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথত তীব্ৰ যান-জটৰ সৃষ্টি হয়৷

ৰাজ্যত বিজেপি-অগপ মিত্ৰজোটৰ এখন চৰকাৰ চলি থকাৰ সময়তে অগপৰ নেতা-কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হোৱা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

অগপ নেতা প্ৰফুল্ল কুমাৰ মহন্ত বিজেপি-অগপ মিত্ৰজোটৰ চৰকাৰত সচাকৈ এলাগী হৈছে নেকি। নেতাগৰাকীৰ সমষ্টিৰ ৰাইজে উন্নয়ণ বিচাৰি প্ৰতিবাদ কৰিব লগা হোৱাত এই প্ৰশ্ন উদয় হৈছে৷ যোৱা শনিবাৰে বঢ়মপুৰত আটছাৰ প্ৰতিবাদৰ পিচত এইবাৰ বঢ়মপুৰত আঞ্চলিক দল অগপৰ প্ৰতিবাদ।