newsnextone,নলবাৰী,১১অক্টোবৰঃ পশ্চিম নলবাৰী অঞ্চলৰ বৰনদ্দী এখন ঐতিহ্যমন্ডিত ৰাজহ গাওঁ ৷তাহানিতে এই অঞ্চলৰ মাজেৰে বৈ গৈছিল এখনি নৈ ৷ সেই অনুসৰি এই ঠাইখনৰ নাম বৰনদ্দী হৈছিল বুলি পন্ডিত সকলে কয়৷ ইতিহাসৰ আঁত ধৰি আজিৰ পৰা কেইবাশ বছৰ বছৰ আগতে সুদুৰ কণৌজৰ পৰা অহা ভূঁঞা পৰিয়ালৰ বংশৰে নীলকন্ঠ ভূঁঞাক আহোম ৰজাই ৰায়বৰুৱা খিতাপ দি এই বৰনদ্দী অঞ্চলত প্ৰতিষ্ঠা কৰে৷ 

তেতিয়াৰ পৰা বৰনদ্দীত দূৰ্গাপূজা উদযাপনৰ ধাৰাবাহিকতা অক্ষুন্ন আছে৷ এই নদ্দী শব্দটো সংস্কৃত 'নদ্দ' ধাতুৰ পৰা উ্ৎপত্তি হৈছে৷ আজিৰ পৰা ৫১৭ বছৰ পূৰ্বে বৰনৰদ্দীৰ প্ৰাতঃস্মৰণীয় ধৰ্ম প্ৰাণ ব্যক্তি সকলে শাৰদীয় ৰিতুত শুভাৰম্ভ কৰে শ্ৰীশ্ৰী দূৰ্গা পূজাৰ৷ সেয়েহে এই ঠাইখন বৰনদ্দী পূজাখোলা চুবুৰী ৰূপে পৰিগনিত হয়৷তাহানিৰ দিনৰে পৰা এক গভীৰ ধৰ্মীয় পৰিবেশত ধাৰাবাহিক ভাবে  দেবীৰপূজা ভাগ অনুষ্ঠিত হৈ আহিছে৷ 

এইবেলি বৰ্ণাধ্য কাৰ্যসূচীৰে ৫১৮ তম মা দেবীৰ পূজাভাগ সভক্তিৰে ১৫ অক্টোবৰৰ পৰা১৯ অক্টোবৰলৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰাহৈছে৷ বৰ্ষীয়ান সমাজসেৱক তথা শিক্ষাবিদ ভগবান চন্দ্ৰ ডেকাক মুখ্য উপদেষ্টা হিচাপে লৈ সমগ্ৰ অঞ্চলটোৰ ৰাইজে মিলি ধৰ্ম,বৰ্ন নিৰ্বীশেষে পূজা ভাগ সমাপন কৰা হয় ৷

সম্প্ৰতি পূজাখনত কোনো উদ্ যাপন সমিতিৰ ব্যবস্হা নাই৷ পূজাৰ বিভিন্ন কাৰ্যসূচী অনুসৰি কাৰ্যসূচী অনুসৰি পূজাৰ আটাই কেইদিনতে শ্ৰীশ্ৰীদূৰ্গা পূজাৰ অষ্টমী পূজা অাৰম্ভ, ওজাপালি বন্দণা, আয়তীৰনাম, আতচবাজী, আৰতী প্ৰদান,সন্ধিপূজা,নাগাৰা নাম,হোম,শান্তি প্ৰদান,,অপৰাজিতা পূজা,সমুহীয়া প্ৰাৰ্থণা,শান্তী প্ৰদান,ধৰ্মীয় শোভাযাত্ৰাৰে দেৱী বিসৰ্জন,দেৱী বিসৰ্জনৰ প্ৰসাদ ভোগ বিতৰণ উল্লেখযোগ্য যে প্ৰতি বছৰে উক্ত পূজা থলীত পূজাৰ আটাই কেইদিনতে সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে পৰবৰ্তী বছৰত মা দেবীৰ পূজাভাগ সম্পাদন কৰাৰ মানস কৰি পূজাৰ বিভিন্ন উপচাৰ আৰু দান বৰঙণি ভক্তিভাবে দেৱীৰ ওচৰত আগবঢ়ায় নিজকে ধন্য মানি আহিছে৷
বৰনদ্দীৰ পৰা দিগন্ত বৰ্মন 9435202447