বৰনদ্দীঃ বিশিষ্ট চিত্ৰ তথা ভাস্কৰ্য শিল্পী, সংগীত নাটক অকাডেমী বঁটা বিজয়ী নুৰুদ্দিন আহমেদক যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।
নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত জিলা ছাত্র সন্থাৰ লগতে নলবাৰী জিলা সাহিত্য সভা, নলবাৰী সাংবাদিক সন্থা, নলবাৰী জিলা কৰ্মচাৰী পৰিষদ, নলবাৰী জিলা উকীল সন্থা, লেখক সভা, নলবাৰী প্ৰেছ ক্লাব প্ৰমুখ্যে জিলাখনৰ প্ৰায় দুই কুৰি দল-সংগঠনৰ প্ৰতিনিধিয়ে বিশিষ্ট শিল্পীগৰাকীলৈ সম্বৰ্ধনা আগবঢ়ায়।