
বৰনদ্দীঃ বিশিষ্ট চিত্ৰ তথা ভাস্কৰ্য শিল্পী, সংগীত নাটক অকাডেমী বঁটা বিজয়ী নুৰুদ্দিন আহমেদক যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়।
নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত জিলা ছাত্র সন্থাৰ লগতে নলবাৰী জিলা সাহিত্য সভা, নলবাৰী সাংবাদিক সন্থা, নলবাৰী জিলা কৰ্মচাৰী পৰিষদ, নলবাৰী জিলা উকীল সন্থা, লেখক সভা, নলবাৰী প্ৰেছ ক্লাব প্ৰমুখ্যে জিলাখনৰ প্ৰায় দুই কুৰি দল-সংগঠনৰ প্ৰতিনিধিয়ে বিশিষ্ট শিল্পীগৰাকীলৈ সম্বৰ্ধনা আগবঢ়ায়।
ইয়াৰ উপৰিও নলবাৰী জিলা ছাত্র সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্র সন্থাৰপৰা শিল্পী গৰাকীক সম্বৰ্ধনা জনোৱা হয়। নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজিত পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত সম্বৰ্দ্ধনা গ্ৰহণ কৰি বিশিষ্ট কলা নিৰ্দেশক গৰাকীয়ে ভাষণ প্ৰসংগত ভ্ৰাম্যমাণ থিয়েটাৰে তেওঁক শুভেচ্ছা নিদিয়া বুলি আক্ষেপ প্ৰকাশ কৰি কয়, 'ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে বহুত কৰিলোঁ। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰে মোক শুভেচ্ছা নিদিলে। মোক টকা-পইছা দিব নালাগে। এখন গামোচা দিলেও জীয়াই থকাৰ প্ৰেৰণা পোৱা যায়। তথাপিও মই ৰাইজৰ কাম কৰি যাম। সমাজ, সংস্কৃতিৰ কাম কৰি যাম।'
লগতে শিল্পী গৰাকীয়ে নলবাৰীবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভবজিৎ বেজবৰুৱাই শিল্পী গৰাকীৰ জীৱনৰ বিভিন্ন দিশ আলোকপাত কৰে। নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই অনুষ্ঠানটোৰ আঁত ধৰে।