newsnextone.com | পশ্চিম নলবাৰীঃ পশ্চিম নলবাৰী অঞ্চলৰ ঐতিস্যমণ্ডিত স্ত্রী শিক্ষাৰ প্ৰতিষ্ঠান বৰনদ্দী ছোৱালী উচ্চ মাধমিক বিদালয়ৰ বুধবাৰে প্ৰাক্তন শিক্ষাৰ্থী সকলৰ তৰফৰ পৰা বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া অভিনন্দন অনুষ্ঠানটোত প্ৰাক্তন শিক্ষাৰ্থী সকল উপস্থিত থাকি শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱাৰ লগতে অতীত ৰোমন্থন কৰি এক নষ্টালজিক অনুষ্ঠান অনুষ্ঠিত কৰিব বুলি প্ৰাক্তন শিক্ষাৰ্থী সমন্বয়ক সমিতিয়ে জানিবলৈ দিয়ে।