41
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰীৰ বিজেপিৰ মধুপুৰ মণ্ডল সমিতিৰ উদ্যোগত দেওবাৰে জনসংঘৰ প্ৰতিস্থাপক সভাপতি, প্ৰতাপ পুৰুষ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৬৬ তম্ মৃত্যু দিৱসটি বলিদান দিৱস হিচাপে পালন কৰা হয়।
এই উপলক্ষে অঞ্চলটোৰ সন্ধেলীৰ সণোৰাৰ হৰি মন্দিৰ প্ৰাংগনত দিনৰ ১১ বজাত অনুষ্ঠানটো অনুষ্ঠিত হয়। অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।