দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰীৰ বিজেপিৰ মধুপুৰ মণ্ডল সমিতিৰ উদ্যোগত দেওবাৰে জনসংঘৰ প্ৰতিস্থাপক সভাপতি, প্ৰতাপ পুৰুষ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৬৬ তম্ মৃত্যু দিৱসটি বলিদান দিৱস হিচাপে পালন কৰা হয়। 

এই উপলক্ষে অঞ্চলটোৰ সন্ধেলীৰ সণোৰাৰ হৰি মন্দিৰ প্ৰাংগনত দিনৰ ১১ বজাত অনুষ্ঠানটো অনুষ্ঠিত হয়। অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। 

অনুষ্ঠানত বিজেপিৰ নলবাৰী জিলা সভাপতি বনদ্বীপ ডেকা, বিজেপিৰ মধুপুৰ মণ্ডৰ সমিতিৰ সভাপতি ভাস্কৰ শৰ্মা, সাধাৰণ সম্পাদক দিলীপ বৰ্মন প্ৰমুখ্যে অন্যান্য কৰ্মকৰ্তা তথা বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। 

অনুষ্ঠানৰ পূৰ্বে প্ৰতাপ পুৰুষ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত ৰাজহুৱা বন্তিপ্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰা হয়।