দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ১২ গৰাকী মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে সোমবাৰে নলবাৰী জিলাৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান বেলশৰ-বিল্বেশ্বৰৰ গোপাল চন্দ্ৰ একাডেমীৰ সভাগৃহত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়।
শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শূশীল ডেকাই আঁত ধৰা অনুষ্ঠানটোত পৰিচালন সঞ্চালক প্ৰতুল পাটোৱাৰীয়ে মেধাবী শিক্ষাৰ্থী সকলক অনাগত ভবিষ্যতৰ পৰীক্ষাৰ ফলাফল সমুহত আৰু অধিক সাফল্যতা অৰ্জন কৰিবলৈ উৎসাহ যোগায়।