বৰনৰ্দ্দীঃ পশ্চিম নলবাৰীৰ অঞ্চলৰ কেবাখনো বিদ্যালয়ে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণৰে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত ৰাইজ তথা অভিভাৱকসকলে সন্তোষ প্ৰকাশ কৰিছে।
উল্লেখ্য যে, চামতাস্থ ইডেন ভেলী একাডেমীৰপৰা এইবাৰ মুঠ ৪৮ গৰাকীয় শিক্ষাৰ্থীৰ ভিতৰত আটাই কেইগৰাকীয়ে উত্তীৰ্ণ হয়। ইয়াৰে মধুস্মিতা বৰ্মনে অসমৰ ভিতৰতে দশম স্থান লাভ কৰাৰ লগতে ২২ গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰে৷ ইয়াৰে ২৫ গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ১০০ শতাংশ ফলাফল লাভ কৰে।