বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ তিনিওটা বিধান সভা সমষ্টিত থকা ২৭ গৰাকী শতায়ু গৰকা ভোটাৰক আগন্তুক লোক সভা নিৰ্বাচনত ভোট দান কৰোৱাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

জিলাখনৰ সন্মানীয় এই ভোটদাতাসকলক নিৰ্বাচনৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰলৈ অনা-নিয়া কৰাৰ বাবে জিলা প্ৰশাসনে হুইল চেয়াৰ অথবা যান-বাহনৰ যোগান ধৰিব। 

ইতিমধ্যে এশ বছৰ অতিক্ৰম কৰা এইসকল ভোটদাতাক চিনাক্ত কৰি তেওঁলোকৰ অঞ্চলৰ চক্ৰ বিষয়া সকলক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে বৃহস্পতিবাৰে জিলাখনৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অৰৰা গাঁৱৰ শতায়ু গৰকা চানাৰাম বৰ্মনৰ ঘৰলৈ গৈ তেওঁক এখন ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনায়। 

উপায়ুক্ত গৰাকীয়ে তেওঁক অহা ১৮ এপ্ৰিলৰ ভোট গ্ৰহণৰ দিনা তেওঁক ভোটদান কৰাৰ বাবে বিশেষভাৱে অনুৰোধ কৰে।