দিগন্ত বৰ্মণ,বৰনৰ্দ্দীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী চহৰ সমিতিয়ে অনুষ্ঠিত কৰি অহা শ্বহীদ তুলু তালুকদাৰ আৰু দীপজ্যোতি লহকৰ সোঁৱৰণী সদৌ অসম প্ৰাইজমানি কুইজ প্ৰতিযোগিতাখন অহা ৭ জুলাই দেওবাৰে নলবাৰীৰ ঐতিহ্যমণ্ডিত কমাৰ্চ কলেজত অনুষ্ঠিত হ’ব।
চতুৰ্দশ বৰ্ষৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই কুইজ প্ৰতিযোগিতাখনত ৭০০১ টকা প্ৰথম পুৰস্কাৰ, ৫০০১ টকা দ্বিতীয়, ৪০০১ টকা তৃতীয় পুৰস্কাৰ হিচাবে ঘোষণা কৰাৰ উপৰি দৰ্শকৰ বাবেও বিভিন্ন আকৰ্ষণীয় বঁটা থাকিব বুলি উদ্যোক্তাই জনাইছে।