দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ ৰাজ্যত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুৰবুৰী গাঁৱৰ কুৰকুৰিয়াত বানক্ৰান্ত পৰিয়াললৈ সাহাৰ্যৰ হাত আগবঢ়াই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ ঘগ্ৰাপাৰ খণ্ডৰ উদোগত তথা নলবাৰী জিলাৰ আৰএছএছৰ কাৰ্য্যবাহ পংকজ বুজৰবৰুৱাৰ নেতৃত্বত অৰ্ধশতাধিক স্বয়ংসেৱকে।
বৃহস্পতিবাৰে উক্ত বানপীড়িত অঞ্চল তেওঁলোক উপস্থিত হৈ বন্যাৰ্তসকলৰ মাজত চাউল, ডাইল, চিৰা, মিঠাতেল, চেনী, বিশুদ্ধখোৱা পানী আদি বিতৰন কৰে। উক্ত বান সাহাৰ্য্য বিতৰন অনুষ্ঠানত ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, ঘগ্ৰাপাৰ গাঁও পঞ্চায়ৰ সভাপতি ৰাতুল শৰ্মা, কাউন্সিলাৰ মনেশ্বৰ ভৰালীও অংশগ্ৰহণ কৰে।