বৰনৰ্দ্দীঃ বৃহস্পতিবাৰে নলবাৰী জিলাৰ গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত লোকসভা নিৰ্বাচন, ২০১৯ ৰ ভোটগণনা কেন্দ্ৰৰ আশে-পাশে শান্তি-শৃংখলা ভংগ হোৱাৰ আশংকা কৰি নলবাৰী জিলাৰ জিলা দণ্ডাধীশ ভাৰত ভুষণ দেৱ চৌধুৰীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে।
সেই অনুসৰি ভোট গণনা কেন্দ্ৰটোৰ ১০০ (এশ ) মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো লোকে বিজয় সমদল উলিয়াব নোৱাৰিব, ফটকা ফুটাব নোৱাৰিব, অকৰ্তৃত্বশীলভাৱে চাৰিচকীয়া আৰু দুচকীয়া বাহন ৰাখি ৰাখিব নোৱাৰিব, অস্থায়ী ব্যৱসায় চলাব নোৱাৰিব আৰু ৫(পাঁচ)জন বা ততোধিক ব্যক্তি গোট খাব নোৱাৰিব।