বৰপেটাঃ বৰপেটাৰোডৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা এক শোকাবহ দুৰ্ঘটনাত বৰপেটাৰ পাটবাউসীৰ অভিলাস দাস নামৰ আঠ বছৰীয়া ছাত্ৰৰ মৃত্যু হয়৷ 

কমবয়সতেই সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠা ছাত্ৰজনৰ মৃত্যুত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে৷ চেন্নাইত অনুষ্ঠিত হোৱা এক গণিতৰ পৰীক্ষাত ৫ মিনিটত ৮৫ টা অংক কৰি প্ৰথম স্থান দখল কৰি তেওঁ ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছিল৷

দেওবাৰে বৰপেটাৰোডৰপৰা দেউতাকৰ সৈতে মাৰুতি ছুইফ্ট বাহনেৰে ঘৰলৈ আহি থাকোতে এখন ৰৈ থকা ট্ৰাকত খুন্দা মৰাত ছাত্ৰজন নিহত হোৱাৰ লগতে দেউতাক গুনীন চন্দ্ৰ দাস আহত হয়৷