বৰপেটাঃ বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য৷ বিভিন্ন জিলাৰ বিদ্যালয়ৰ কম্পিউটাৰ চুৰিৰ সৈতে জড়িত আন্তঃৰাজ্যিক চোৰৰ এটা চক্ৰ উৎখাত কৰে বৰপেটা আৰক্ষীয়ে৷
গোপন তথ্যৰ ভিত্তিত ডিএছপি সমীৰণ বৈশ্যৰ নেতৃত্বত সোমবাৰে নিশা একে সময়তে কেইবাঠাইতো অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন্তঃৰাজ্যিক চোৰৰ এই চক্ৰটোক৷
আৰক্ষীয়ে বৰপেটা, ধুবুৰী আৰু চিৰাঙ জিলাৰ বিভিন্ন স্থানৰপৰা গ্ৰেপ্তাৰ কৰে ৫ টাকৈ দুৰ্ধৰ্ষ চোৰ৷ আৰক্ষীয়ে চোৰকেইটাৰপৰা উদ্ধাৰ কৰে ৯ টাকৈ কম্পিউটাৰ ছেট৷ আনহাতে চোৰকেইটাৰপৰা জব্দ কৰা হয় এখন ব'লেৰো গাড়ী৷
AS16A7141 নম্বৰৰ এই ব'লেৰো গাড়ীখনেৰেই ৰাজ্যখনৰ বিভিন্ন জিলাত বিদ্যালয়ৰ কম্পিউটাৰ চুৰিৰ অভিযানত নামে এই চোৰ চক্ৰটোৱে৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা চোৰকেইটা ক্ৰমে বৰপেটা কলগাছিয়াৰ দিলদাৰ ৰেজ্জা আৰু হালিমউদ্দিন, ধুবুৰী ইৰাণ জংলা আৰু কাটলমাৰীৰ
হানিফ আলী আৰু চিৰাজ আলী আৰু চিৰাঙৰ ঢালিগাঁও শান্তিপুৰৰ মহিদুল ইছলাম৷
ৰাজ্যখনৰ বিভিন্ন জিলাৰ বিদ্যালয়ৰ কম্পিউটাৰ চুৰি কাৰ্যৰে জড়িত এই আন্তঃৰাজ্যিক চোৰ চক্ৰটো দেওবাৰে নিশা বৰপেটাৰ জনীয়া সমষ্টিৰ বালাগাঁও হাইস্কুলৰ ৯ টাকৈ কম্পিউটাৰ চুৰিৰ ঘটনাৰ সৈতে জড়িত৷
আন্তৰাজ্যিক চোৰ চক্ৰটোৰ আন দুজন পলাতক হৈ থকা বুলি জানিবলৈ দিছে বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই৷