বৰপেটাৰোডঃ সমগ্ৰ দেশ তথা ৰাজ্য লগতে কৰ'না ভাইৰাছৰ সংক্ৰমণক বাধা দিয়া পদক্ষেপৰ অংশ হিচাপে বৰপেটা জিলাৰ আগশাৰীৰ বাণিজ্য কেন্দ্ৰ হিচাপে পৰিগণিত বৰপেটাৰোডতো দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা 'জনতাৰ সান্ধ্য আইন'ৰ প্ৰতি ব্যাপক সঁহাৰি। এই অনুযায়ী আজি পুৱা ৭ বজাৰে পৰা জনশূন্য হৈ পৰে চহৰখন।

অইন দিনসমূহত নিশালৈকে ব্যাপক জনসমাগমেৰে মুখৰিত হৈ থকা বৰপেটাৰোড চহৰত দেওবাৰৰ দিনটোত নাই কোনো ব্যস্ততা। চহৰখনৰ প্ৰতিটো পথ-উপপথ সম্পূৰ্ণৰূপে শান্ত আৰু নীৰৱ হৈ থকাৰ লগতে চহৰবাসীৰ পদুলিৰ পৰাও ভাহি অহা নাই কোনো কথা-বতৰা।

সমগ্ৰ চহৰখনৰ ব্যৱসায় প্ৰতিষ্ঠান,অফিচ-আদালত বন্ধ থকাৰ লগতে মানুহৰ সমাগমো সম্পূৰ্ণৰূপে শূন্য হৈ পৰিছে চহৰখনত ৷ বৰপেটাৰোড ৰেল ষ্টেচনতো নাই কোনো লোকৰে আহ-যাহ। ইপিনে আনহাতে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰেও সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল। এনেদৰেই এতিয়া কৰ'নাৰ কবলৰ পৰা নিজে ৰক্ষা পোৱাৰ লগতে আনকো ৰক্ষা কৰাৰ বাবে বৰপেটাৰোডবাসীয়ে পালন কৰিছে দায়িত্ব।