বৰপেটাৰোডঃ সমগ্ৰ দেশ তথা ৰাজ্য লগতে কৰ’না ভাইৰাছৰ সংক্ৰমণক বাধা দিয়া পদক্ষেপৰ অংশ হিচাপে বৰপেটা জিলাৰ আগশাৰীৰ বাণিজ্য কেন্দ্ৰ হিচাপে পৰিগণিত বৰপেটাৰোডতো দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ‘জনতাৰ সান্ধ্য আইন’ৰ প্ৰতি ব্যাপক সঁহাৰি। এই অনুযায়ী আজি পুৱা ৭ বজাৰে পৰা জনশূন্য হৈ পৰে চহৰখন।
অইন দিনসমূহত নিশালৈকে ব্যাপক জনসমাগমেৰে মুখৰিত হৈ থকা বৰপেটাৰোড চহৰত দেওবাৰৰ দিনটোত নাই কোনো ব্যস্ততা। চহৰখনৰ প্ৰতিটো পথ-উপপথ সম্পূৰ্ণৰূপে শান্ত আৰু নীৰৱ হৈ থকাৰ লগতে চহৰবাসীৰ পদুলিৰ পৰাও ভাহি অহা নাই কোনো কথা-বতৰা।