বৰপেটা আৰক্ষী আৰু প্ৰশাসনৰ উদ্যোগত যানজট নিয়ন্ত্ৰণৰ চেষ্টা

Home ৰাজ্যবৰপেটা আৰক্ষী আৰু প্ৰশাসনৰ উদ্যোগত যানজট নিয়ন্ত্ৰণৰ চেষ্টা

বৰপেটা আৰক্ষী আৰু প্ৰশাসনৰ উদ্যোগত যানজট নিয়ন্ত্ৰণৰ চেষ্টা

by News Desk
76 views
A+A-
Reset

বৰপেটাঃ বৰপেটা চহৰত দিনক দিনে বৃদ্ধি পোৱা যানজটৰ সমস্যা আতৰ কৰাৰ বাবে কালিৰে পৰা আৰক্ষী আৰু জিলা প্ৰশাসনে অব্যাহত ৰাখিছে বিশেষ অভিযান ৷ চহৰখনৰ মহেন্দ্ৰ মোহন চক সংলগ্ন ভি আই পি ৰোডত যানজট নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী আৰু জিলা প্ৰশাসনে দুচকীয়া বাহনৰ নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে হেলমেট বিহীন বাইক চালক সকলক জৰিমনা বিহে । 

বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এই অভিযান চলে ৷ কালি চহৰখনৰ বিভিন্ন পদপথত অবৈধ দখলকাৰী সকলৰ বিৰুদ্ধে অভিযান চলায় ৷ এই অভিযান কালত পথপথত থোৱা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চাইনবোৰ্ড আৰক্ষীয়ে জব্দ কৰে ৷ এই অভিযানত বৰপেটা নগৰ উপ পৰিদৰ্শক ধনমণি ডেকাও উপস্থিত থাকে ৷ যানজটৰ সমস্যাৰ বিৰুদ্ধে গ্ৰহণ কৰা আৰক্ষী প্ৰশাসনৰ এনে ভূমিকাক সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন ৰাইজে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0