......সাত বছৰে সম্পূৰ্ণ নহ’ল বৰছলা আদৰ্শ চিকিৎসালয়ৰ গৃহ নিৰ্মাণ......গড়কাপ্তানি পথৰ শোচনীয় অৱস্থা......  বিভাগৰ নিৰ্বিকাৰ ভূমিকা..... ৰাইজৰ সমালোচনা

ঢেকীয়াজুলি পৰা নাৰায়ণ ফয়েল:
বিগত বিধান সভা নিৰ্বাচনত উন্নয়ন আৰু পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ পিছতেই উন্নয়নৰ প্ৰতিশ্ৰুতি পাহৰিলে ৷ এই চৰকাৰৰ দিনত গ্ৰাম্যাঞ্চলৰ বাট-পথৰ উন্ উন্নয়নৰ নামত একো পৰিৱৰ্তনৰ নামত কথা  চৰকাৰৰ আমোলত ৰাজ্যৰ গ্ৰাম্যঞ্চলৰ বাট-পথ সমূহৰ উন্নয়ন হোৱা নাই ৷ প্ৰতিটো অঞ্চলৰ সমউন্নয়নৰ শ্লোগান দিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে এইক্ষেত্ৰত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ৷ গ্ৰাম্যঞ্চলৰ বাট-পথ নিৰ্মাণৰ ক্ষেত্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ অমনোযোগিতা আৰু গড়কাপ্তানি বিভাগৰ নিৰ্বিকাৰ ভূমিকাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ ভিতৰুৱা অঞ্চলৰ বাট-পথ সমূহৰ উন্নয়ন হোৱা নাই ৷ সমষ্টিটোৰ গ্ৰাম্যাঞ্চলৰ একাধিক পথ দীৰ্ঘদিন ধৰি শোচনীয় অৱস্থাত আছে ৷ সমষ্টিবাসী ৰাইজে শোচনীয় বাট-পথেৰে যাতায়াত কৰিব লগীয়া হৈছে ৷ বৰছলা সমষ্টিৰ নতুন চিৰাজুলি-বালিজান সংযোগী পথটি দীৰ্ঘদিন ধৰি শোচনীয় অৱস্থাত থকাৰ পিছতো পথটিৰ উন্নয়নৰ বাবে গড়কাপ্তানি বিভাগে কোনো আচঁনি গ্ৰহণ কৰা নাই ৷ বৃহত্তৰ শিঙৰী অঞ্চলৰ নতুন শিঙৰী, নতুন চিৰাজুলি, সোলালভেটি , বালিজান, বালিজান কচাৰী আদি গাওঁৰ বৃহৎ সংখ্যক লোকে যাতায়ত কৰা এই পথটি দীৰ্ঘদিন ধৰি বিধস্ত অৱস্থাত আছে। বিশেষকৈ বালিজান অঞ্চলৰ ৰাইজে এই পথেৰে ঢেকীয়াজুলিলৈ অহা-যোৱা কৰে ৷ মাত্ৰ পাচঁ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰাম্য পথটি যোৱা বিশ বছৰেও উন্নয়ন হোৱা নাই ৷ বিগত কংগ্ৰেছ চৰকাৰৰ পোন্ধৰবছৰীয়া শাসনত পথটিৰ উন্নয়ন হোৱা নাই ৷ বৰ্তমানৰ পৰিৱৰ্তনকামী চৰকাৰ তথা জনপ্ৰতিনিধি সকলে এইক্ষেত্ৰত মৌন ভূমিকা পালন কৰাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ পথটিৰ উন্নয়নৰ বাবে আচঁনি গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে জনপ্ৰতিনিধি সকলৰ ওচৰত দাবী জনাই আহিছে যদিও স্থানীয় বিধায়ক-সাংসদ আৰু পঞ্চায়ত প্ৰতিনিধি সকলে মৌন ভূমিকা পালন কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷ স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বু আৰু সাংসদ পল্লৱলোচন দাসক ৰাইজে তীব্ৰ সমালোচনা কৰে ৷ বিধায়ক আৰু সাংসদ গৰাকীয়ে এইক্ষেত্ৰত মৌন ভূমিকা পালন কৰাত স্থানীয় ৰাইজ বাৰুকৈ ক্ষুব্ধ হৈ পৰিছে ৷ ক্ষুব্ধ ৰাইজে গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তা সকলকো সমালোচনা কৰে আৰু বিভাগটোক অকৰ্মণ্য আখ্যা দিয়ে ৷ এই পথটি অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ৷


২০১৩ চনত নিৰ্মানকাৰ্য আৰম্ভ হোৱা হোৱা চিকিৎসালয়খন আজিকোপতি অসম্পূৰ্ণ

শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিত আদৰ্শ চিকিৎসালয়ৰ গৃহ নিৰ্মাণৰ আচঁনি সুদীৰ্ঘ সাত বছৰতো সম্পূৰ্ণ হৈ নুঠিল ৷ স্বাস্থ্য বিভাগৰ ব্যৰ্থতাৰ স্বৰূপ বৰছলাৰ এই আদৰ্শ চিকিৎসালয়৷ চৰকাৰৰ অমনোযোগিতা তথা ঠিকাদাৰৰ চৰম হেমাহিৰ বাবে হস্পিতালখনৰ গৃহ নিৰ্মাণৰ কাম আজিও  সম্পূৰ্ণ নোহোৱাত  স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ প্ৰকাশ কৰিছে। শোণিতপুৰ জিলাৰ বৰছলাত ২০১৩ চনত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বৰছলা আদৰ্শ চিকিৎসালয়ৰ গৃহ নিৰ্মাণৰ কাম  আৰম্ভ হৈছিল ৷ বহু সা-সুবিধাযুক্ত  চিকিৎসালয়খন বৰছলাত নিৰ্মাণ কৰিবলৈ লোৱাত অঞ্চলটোৰ গঞা ৰাইজে এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব বুলি ভাবিছিল পিছে চিকিৎসালয়খন আজিও অৰ্ধনিৰ্মিত অৱস্থাত পৰি আছে।

বৰচলা সমষ্টিৰ চিকিৎসালয়খনকলৈ ঠিকাদাৰৰ হেমাহি নে চৰকাৰৰ অনিহা 

বৰচলা সমষ্টিৰ ৰাইছে NNO প্ৰতিবেদকৰ সন্মুখত ক্ষোভেৰে কয়,'চিকিৎসালয়খনৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰ  লগতে চৰকাৰী  কৰ্তৃপক্ষৰ হেমাহিৰ বাবে বিগত ৭ বছৰে প্ৰস্তাৱিত আদৰ্শ চিকিৎসালয়খনৰ নিৰ্মাণৰ কাম তেনেকৈয়ে পৰি আছে ।' এই ক্ষেত্ৰত বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুক স্থানীয় ৰাইজে চিকিৎসালয়খনৰ নিৰ্মানৰ হেমাহিৰ বিষয়ে বহুবাৰ  অৱগত কৰিছে যদিও  চিকিৎসালয়খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিধায়কগৰাকীয়ে তিলমানো গুৰুত্ব প্ৰদান নকৰাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

গৰু-ছাগলীৰ বাসস্থানৰ বাবে আমাক চিকিৎসালয় নালাগে

চিকিৎসালয় চৌহদ বৰ্তমান  গৰু-ছাগলীৰ বাসস্থানলৈ পৰ্যবাসিত হৈছে ।বৰচলা সমষ্টিৰ ৰাইজে বৰ্তমানো উন্নত চিকিৎসাৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে নিৰ্মিয়মান চিকিৎসালয়খন জন্তুৰ বাসস্থান হোৱাটোৱে  অঞ্চলবাসীক ব্যথিত কৰিছে। চিকিৎসালয়ৰ ভিতৰ ভাগতো ঠায়ে-ঠায়ে গৰুৰ গোবৰ আৰু টিন ফুটি বৰষুণৰ পানীৰ ডোঙা বন্ধাৰ দৃশ্যৰ লগতে পকিবেৰত শেলুৱৈ গজি নষ্ট হোৱাৰ উপক্ৰম ঘটা  চিকিৎসালয়খনলৈ  বিগত বৰ্ষত  কেইবাজনো লোকে নিযুক্তি লাভ কৰি যোগদানৰ বাবে আহি বিমুখ হৈ উভতি গৈছে। নিৰ্মান অসম্পুৰ্ণ ৰছলা আদৰ্শ চিকিৎসালয়লৈ  চিকিৎসাকৰ্মীৰ নিযুক্তি প্ৰদান কৰাটোৱে ৰাইজক সচকিত কৰি তুলিছে। প্ৰকৃততে কাগজে পত্ৰই চিকিৎসালয়খনৰ নিৰ্মান সম্পূৰ্ণ হৈ উঠিছে নেকি? NNO ৰ প্ৰতিবেদকৰ সন্মুখত বৰছলা আছুৱে ক্ষোভ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰে।