newsnextone.com | তামুলপুৰঃ সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ দূৰ কৰাৰ ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে সঘনাই ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি সমাধানৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। দৰমহা আয়োগৰ দায়িত্বত থকা একাংশ অনভিজ্ঞ লোকৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনিৰ বিসংগতিৰ সৃষ্টি হৈছে। এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাৰ। বাক্সা জিলাৰ ভৰাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলিত অনুষ্ঠিত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশনত অংশ লৈ বাসৱ কলিতাই আৰু কয় যে দৰমহা আয়োগৰ প্ৰতিবেদন মৰ্মেই উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলক মাহিলী ৩০০ টকাকৈ ভাত্তা দিয়াৰ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে। অন্য ৰাজ্যৰ তুলনাত অসমৰ কৰ্মচাৰীসকলে এতিয়াও বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে।
বাসৱ কলিতাই আৰু কয় যে ৰাজ্যিক কৰ্মচাৰী সকলে যাতে সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। কৰ্মচাৰীসকলে নিজৰ সন্মান অটুট ৰাখিবলৈ হলে ৰাজ্যৰ ৪.৫ লাখ কৰ্মচাৰীয়ে নিজৰ কৰ্মৰ জৰিয়তে অসমৰ ৩ কোটি জনসাধাৰণৰ আস্থা আৰু বিশ্বাস লাভ কৰিব লাগিব।