গোৰেশ্বৰঃ ঘোচ দি চাকৰি লোৱা এচিএচ-এপিএছ বিষয়াক যেনেদৰে চৰকাৰে ধৰি জেলত ভৰাই আছে সেয়া ভাল কথা। কিন্তু দিনে ৰাতি নিষ্ঠা সহকাৰে কাম কৰি যোৱা চৰকাৰী কৰ্মচাৰীক পুৰস্কৃত কৰাৰো ব্যৱস্থা কৰিব লাগে। আমাৰ চৰকাৰ খন কেৱল চোৰৰ পিছতহে দৌৰিছে কিন্তু সততাৰে কাম কৰা কৰ্মচাৰীয়ে আজিলৈ উচিত মৰ্যদা লাভ কৰা নাই। তেওঁলোকে বহু তুচ্চ-তাচিল্য হে লাভ কৰে। এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাৰ।
শনিবাৰে গোৰেশ্বৰত স্থানীয় কলাগুৰু বিষ্ণু ৰাভা ভৱনত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ পঞ্চম বাৰ্ষিক সাধাৰণ সভা তথা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ আৰু কয় যে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা আচঁনি প্ৰস্তুত কৰিবলৈ চৰকাৰক দাবী জনোৱা হৈছে আৰু ইয়াৰ কামো বহুখিনি আগবাঢ়িছে। ইপিনে নিউ পেঞ্চন ৰুলৰ কৰ্মচাৰী পৰিষদে বিৰোধিতা কৰা বুলি কয়। কৰ্মচাৰীসকলে যেনেদৰে একাউণ্ট পে’ৰ সুবিধা লাভ কৰিছে তেনেদৰে অচিৰে অন লাইন পেমেন্টৰ সুবিধাও লাভ কৰিব।