বটদ্ৰৱাঃ পৱিত্ৰ মাঘী পূৰ্ণীমাৰ সন্ধিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা চৌদিশ হৰি-নাম-কীৰ্তনৰ মংগল ধ্বনিৰে মুখৰিত হৈ পৰিছে৷  বিগত বৰ্ষসমূহৰ দৰে আজিও মাঘী পূৰ্ণীমা তিথিত বটদ্ৰৱাৰ ঐতিহাসিক দৌল মন্দিৰত ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰা হৈছে পৱিত্ৰ মাঘী পূৰ্ণীমা৷ 

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত দৌল মন্দিৰ প্ৰাংগনত পালন কৰা মাঘী পূৰ্ণীমাৰ কাৰ্যসূচী অনুসৰি দুপৰীয়া দৌল মন্দিৰত বিশেষ কীৰ্তন অনুষ্ঠিত হয়৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক ভক্তপ্ৰাণ বৈষ্ণৱ, আই-মাতৃয়ে দুপৰীয়াৰ বিশেষ কীৰ্তনত অংশগ্ৰহণ কৰি আশিস নিৰ্মালী গ্ৰহণ কৰে৷ সকলোৱে এভাগি শৰাই নৈবেদ্য, বন্তি-চাকি আগবঢ়াই দৌল গোবিন্দৰ শ্ৰীচৰণত সকলোৰে কুশল-মংগল কামনাৰে সেৱা আগবঢ়ায়৷

সন্ধ্যা দৌল মন্দিৰ চৌহদত বন্তি প্ৰজ্বলন কৰাৰ পাছতে আমন্ত্ৰিত অতিথি শিল্পী দলে পৰিৱেশন কৰে দিহানাম৷ বৃহত্তৰ বটদ্ৰৱা এলেকাৰ শতাধিক লোকে আনন্দমনে উপভোগ কৰে দিহানাম৷ নামৰ শেষত উপস্থিত সকলোকে নিৰামিষ আহাৰেৰে অপ্যায়ণ কৰে পৰিচালনা সমিতিয়ে৷