newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰবা সত্ৰ সমবায় সমিতিত যোৱা ১৬ জুলাইত চাউল, অাটা আদি বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি ৬গৰাকী এজেণ্টক গ্ৰেপ্তাৰ কৰে৷

বটদ্ৰৱাৰ সত্ৰ সমবায় সমিতিৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই সকলো বোৰ নথি পত্ৰ আৰু তথ্য পৰীক্ষা কৰাৰ অন্তত প্ৰায় দুটা দশক জুৰি চলাই অহা একনায়কত্ব বাদ আৰু খাদ্য সুৰক্ষা আঁচনিৰ নামত আৱণ্টিত চাউল লুণ্ঠনৰ বৃহৎ কেলেংকাৰীৰ অভিযোগত ৬ জনক গ্ৰেপ্তাৰ কৰা হয়। সুলভ মূল্যৰ দোকানী আহমেদ আলী, কোবাছ আলী, মহৰ উদ্দিন, আব্দুল ৰহমান, কাছেম আলী আৰু ছমছেৰ আলীক গ্ৰেপ্তাৰ কৰে৷

তাৰ পিছতে দুদিন মূৰকত বুধবাৰে সমবায়খনৰ এজেণ্ট সন্থাই সংবাদমেল অনুষ্ঠিত কৰি দুৰ্নীতিৰ মূল নায়ক সমবায় খনৰ সম্পাদক আজিবুৰ ৰহমান আৰু সভাপতি চোৰহাব উদ্দীনক তদন্তৰ আওতালৈ অনাৰ দাবী জনায়। সংবাদমেলত কংগ্রেছ চৰকাৰৰ দিনত সভাপতি আৰু সম্পাদকে মিলি সংঘটিত কৰা বিয়াগোম দুৰ্নীতিৰ কথা স্বীকাৰ কৰে সংবাদমেলত এজেণ্ট সন্থাই। 

সংবাদ মেলত এজেণ্ট সন্থাই প্ৰকাশ কৰা মতে, কংগ্রেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা স্থানীয় বিধায়ক গৌতম বৰাৰ সোঁহাত স্বৰূপ সভাপতি-সম্পাদকে ৰাজনৈতিক ক্ষমতাৰ ছত্ৰছায়াত থাকি সংঘটিত কৰি গৈছিল বহু কোটি টকীয়া বিয়াগোম কেলেংকাৰীৰ। বিয়াগোম কেলেংকাৰী বিষয়ে এজেণ্টসকলক সভাপতি-সম্পাদকে মুখ নুখুলিবলৈ ভাবুকি প্রদান কৰি আহিছিল বুলি এজেণ্টসকলে সংবাদ মেলখনত অভিযোগ উত্থাপন কৰে।

কিন্তু মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই সমবায় খনৰ দূৰ্নীতিৰ মূল নায়ক দুজনক তদন্তৰ আওতালৈ ননাৰ কাৰ্যত আচৰিত হৈ পৰে৷ এজেণ্ট সন্থাই সম্পাদক আজিবুৰ ৰহমান আৰু সভাপতি চোৰহাৱ উদ্দীনক তদন্তৰ আওতালৈ আনি প্ৰকৃত তথ্য উদঘাটন কৰিবলৈ দাবী জনাই দুৰ্নীতি নিবাৰক শাখাক। বিগত ২০১১ চনৰ পৰাই কংগ্রেছ চৰকাৰৰ আমোলত বিভাগী বিষয়া-কৰ্মচাৰীক মেনেজ কৰি এজেণ্ট সকলক ঢাল হিচাপে ব্যৱহাৰ কৰি সংঘটিত কৰি গৈছিল এই বিয়াগোম কেলেংকাৰী।