নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা থানত পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি অহা ২০ মাৰ্চৰপৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা আৰু ফাকুৱা মহোৎসৱ ভাগ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। তদুপলক্ষে পৰিচালনা সমিতিয়ে স্বাস্থ্য, পানী যোগান, আপ্যায়ন, বিজুলী, স্বেচ্ছাসেৱক, সাংস্কৃতিক, ধৰ্ম্মীয়কে আদি কৰি ১০ খন উপসমিতি গঠন কৰি পৃঠকে পৃঠকে প্ৰস্তুতি চলাইছে।
প্ৰায় দহ লাখ ভকত বৈষ্ণৱৰ আগমন ঘটিবলগীয়া বটদ্ৰৱা থানৰ দৌল উৎসৱক লৈ তৎপৰ হৈছে নগাঁও জিলা প্ৰশাসনো৷ ইয়াৰ অংশহিচাপে নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই যোৱা ৪ মাৰ্চত চৰকাৰী বিভাগ সমূহকলৈ ইতিমধ্যে সভা অনুষ্ঠিত কৰে৷ তদুপৰি বৃহস্পতিবাৰে বটদ্ৰৱা থানৰ আলোচনা কক্ষত দৌল যাত্ৰা মহোৎসৱৰ কাৰ্য্যসূচী ভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।