নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ পাম গাঁৱৰ এগৰাকী বিবাহিত মহিলা বিগত চৈধ্য দিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত মহিলাগৰাকীক অপহৰণ কৰাৰ সন্দেহত এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে।
ঘটনাৰ বিৱৰণী মতে ৰামপুৰ পাম গাঁৱৰ এটি সন্তানৰ এগৰাকী মাতৃ যোৱা ১২ মাৰ্চৰ দিনা নিজ গৃহৰপৰা বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হয়৷ পিছত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ১৪ মাৰ্চত নগাঁও জিলাৰ কচুৱা নিবাসী চুলমান আলী নামৰ লোকজনৰ ঘৰত থকাৰ সম্ভেদ পাইছিল।