নগাঁও/বটদ্ৰৱাঃ লকডাউনৰ পৰিপ্ৰেক্ষিতত গ্ৰামাঞ্চলৰ জনজীৱন স্তব্ধ হৈ পৰাত দৈনিক হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা দৰিদ্ৰ লোকসকলৰ বাবে এইসময়ছোৱা অতিকৈ কষ্টকৰ হৈ পৰিছে। লকডাউনৰ এই সময়ছোৱাত যাতে এইসকল লোকে খাদ্যৰ অভাৱত ভূগিবলগীয়া নহয় তাৰ বাবে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও আৰক্ষীয়ে দিন-ৰাতি একাকাৰ কৰি কৰ’নাৰ পৰা ৰাইজক সুৰক্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
ইয়াৰ মাজতে বটদ্ৰৱা আৰক্ষীয়ে আজি বিশেষ পদক্ষেপ গ্ৰহণ কৰে। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অন্যান্যসকলৰ সহযোগিতাত ভোমোৰাগুৰি গাৱঁৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দাইল, আটা, নিমখ, চেনী, চাহপাত, বিস্কুট, মিঠাতেল, আলু, পিয়াজ, চাবোনকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে।