Home ৰাজ্যবটদ্ৰৱাত কোনো শিক্ষানুষ্ঠানত নহ’ল সৰস্বতী পূজা

বটদ্ৰৱাত কোনো শিক্ষানুষ্ঠানত নহ’ল সৰস্বতী পূজা

by News Desk
64 views
A+A-
Reset

বটদ্ৰৱাঃ ৰাজ্যৰ চৌদিশে জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা চলিছে যদিও সম্পূৰ্ণ এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰুৰ জন্মস্থান বটদ্ৰৱাত৷ চাৰিওফালে চলি থকা পূজা পূজা পৰিৱেশৰ বিপৰীতে বটদ্ৰৱা পৰম্পৰাগত সত্ৰীয়া ৰীতি-নীতিৰে উদযাপন কৰা হয় সৰস্বতী সবাহ৷

পুৱাৰেপৰা শ্ৰীশ্ৰী শ’লগুৰি সত্ৰ আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰ পুৰণি পৰম্পৰা সম্পূৰ্ণৰূপে অক্ষুন্ন ৰাখি শিক্ষানুষ্ঠানসমূহে পালন কৰিছে বিদ্যাৰ অধিষ্ঠাত্ৰীৰ সবাহভাগী৷ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা চৰকাৰী বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়, সতী ৰাধিকা ছোৱালী হাইস্কুল, বৰভেটী প্ৰাথমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, বটদ্ৰৱা জাতীয় বিদ্যালয় প্ৰমুখ্যে শিক্ষানুষ্ঠানসমূহত সত্ৰীয়া পৰম্পৰাৰে খোল-প্ৰসংগ কৰাৰ অন্তত নাম-কীৰ্তন কৰা হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0