বটদ্ৰৱাঃ ৰাজ্যৰ চৌদিশে জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা চলিছে যদিও সম্পূৰ্ণ এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰুৰ জন্মস্থান বটদ্ৰৱাত৷ চাৰিওফালে চলি থকা পূজা পূজা পৰিৱেশৰ বিপৰীতে বটদ্ৰৱা পৰম্পৰাগত সত্ৰীয়া ৰীতি-নীতিৰে উদযাপন কৰা হয় সৰস্বতী সবাহ৷

পুৱাৰেপৰা শ্ৰীশ্ৰী শ'লগুৰি সত্ৰ আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰ পুৰণি পৰম্পৰা সম্পূৰ্ণৰূপে অক্ষুন্ন ৰাখি শিক্ষানুষ্ঠানসমূহে পালন কৰিছে বিদ্যাৰ অধিষ্ঠাত্ৰীৰ সবাহভাগী৷ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা চৰকাৰী বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়, সতী ৰাধিকা ছোৱালী হাইস্কুল, বৰভেটী প্ৰাথমিক বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, বটদ্ৰৱা জাতীয় বিদ্যালয় প্ৰমুখ্যে শিক্ষানুষ্ঠানসমূহত সত্ৰীয়া পৰম্পৰাৰে খোল-প্ৰসংগ কৰাৰ অন্তত নাম-কীৰ্তন কৰা হয়৷ 

সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক তথা সত্ৰৰ ভকত-আইমাতৃসকলেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷ নাম-কীৰ্তনৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ উজ্বল শৈক্ষিক ভৱিষ্যৰ অৰ্থে হৰিধ্বনি দি নামলগোৱাই আশিসনিৰ্মালী প্ৰদান কৰে৷ উল্লেখ্য যে বটদ্ৰৱা সৰুহিছা অংগনবাড়ী কেন্দ্ৰৰ লগতে অন্যান্য অংগনবাড়ী কেন্দ্ৰসমূহতো পুৱাৰ ভাগতে কন-কন শিশুসকলৰ উপস্থিতিত সৰস্বতী সবাহ অনুষ্ঠিত কৰি শিশুসকলৰ কুশল-মংগল কামনা কৰা হয়৷