বটদ্ৰৱাঃ অৱশেষত নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণে দায়িত্ব ল’লে আত্মীয়-স্বজনৰপৰা নিৰ্যাতিত হৈ আশ্ৰয়হীন হোৱা গোলোক ডেকাৰ। প্ৰায় শত বৰ্ষ গৰকা মৰিগাঁৱৰ মিকিৰভেটাৰ লুঙামুখৰ গোলোক ডেকা নামৰ অবিবাহিত বৃদ্ধজনক ভতিজাকহঁতে অত্যাচাৰ কৰি উলিয়াই দিছিল ঘৰৰপৰা আৰু ভাগিনীয়েকে আনি এৰি থৈ গৈছিল ৰহাৰ কামগাঁৱৰ এটা মনসা মন্দিৰত।
ইফালে, দুদিনৰ পাছত বৃদ্ধগৰাকীক আত্মীয়সকলে লৈ যাব বুলি কৈছিল যদিও, তেওঁক নিবলৈ কোনো নহাত আশ্ৰয় দিছিল মনসা মন্দিৰটোৰ গৰাকী খগেন ডেকাই। পাছত খগেন ডেকাই বৃদ্ধজনৰ পৰিয়ালৰ লগত যোগাযোগ কৰাত পৰিয়ালৰ লোকে ওলোটাই খগেন ডেকাক ককৰ্থনা কৰি গোলাক ডেকাক বেলেগ ঠাইলৈ পঠিয়াই দিবলৈ কৈছিল।