নলবাৰীঃ নলবাৰী জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ত ছাত্ৰ একতা সভা দখল কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ মঙলবাৰে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ ভাতৃ ছাত্ৰ সংগঠন এনএছইউআই আৰু শাসকীয় বিজেপি দলৰ ভাতৃ ছাত্ৰ সংগঠন এবিভিপিক বিধ্বস্ত কৰি অধিকাংশ পদতে আছুই জয় লাভ কৰিবলৈ সক্ষম হয়।
মুঠ ১২পদৰ নিৰ্বাচনত অনুষ্ঠিত হৈছিল মহাবিদ্যালয় খনত৷ সাধাৰণ সম্পাদক পদত বিক্ৰম মেধী, উপ-সভাপতি দিগন্ত কলিতা সহ আঁঠটাকৈ পদত আছু সমৰ্থিত প্ৰাৰ্থী বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। আনহাতে তিনিটা পদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থী জয় হোৱাৰ বিপৰীতে এটা পদত নিৰ্দলীয় প্ৰাৰ্থী জয় হয়।